আমাৰ ধন্য আশা (তীত ২:১৩)
ঈশ্বৰৰ মহিমা হওক
আমাৰ ধন্য আশা
"আৰু আমাৰ পৰম ধন্য আশা-সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ । তীত ২:১৩ "
আমাৰ খ্ৰীষ্টিয়ান জীৱনত এই দুটা বিষয়ৰ কথা মনত পেলাই দিয়ে যাৰ বাবে আমি অপেক্ষা কৰি আছো। আমি কেৱল আমাৰ প্ৰভুৰ গৌৰৱৰ আবিৰ্ভাৱৰ বাবে অপেক্ষা কৰি থকাই নহয়, আমি ধন্য আশাৰ বাবেও অপেক্ষা কৰি আছো। আমাৰ ধন্য আশা হৈছে যে আমাৰ প্ৰভুৰ গৌৰৱময় আবিৰ্ভাৱত আমি আমাৰ প্ৰভুৰ দৰে হৈ মহিমামণ্ডিত হ'ম, কাৰণ আমি আমাৰ প্ৰভুক যিদৰে আছে তেনেদৰেই দেখিবলৈ পাম (১যোহন ৩:২-৩), অৰ্থাৎ তেওঁৰ আগমনৰ সময়ত যি সকলে তেওঁক দেখিব তেওঁলোক আমাৰ প্ৰভুৰ দৰে হ'ব। গতিকে আমাৰ জীৱনত আমি শক্তিশালী আৰু ভাল সাহসেৰে জীয়াই থাকো আহক। আমি ফিলিপে কোৱাৰ দৰে "আমাক পিতৃকে দেখুৱাওক, সেয়ে আমালৈ যথেষ্ট" বুলি ক’ব পৰা হ'ব লাগে। আমাৰ জীৱনত কেৱল যীচুক দেখাটোৱেই আমাৰ বাবে যথেষ্ট (যোহন ১৪:৮)। যিজন ব্যক্তিৰ যীচুত এই ধন্য আশা আছে, তেওঁ যীচু যেনেকৈ শুচি তেনেকৈ তেৱোঁ শুচি হ'ব (১যোহন ৩:৩)। ইয়োবে ঈশ্বৰৰ পৰা এজন সিদ্ধ আৰু সৎ ব্যক্তি বুলি সাক্ষ্য লাভ কৰিছিল, যিজনে ঈশ্বৰক ভয় কৰিছিল আৰু দুষ্টক পৰিহাৰ কৰিছিল, তেওঁৰ পথৰ সৎতাই তেওঁৰ জীৱনত আশা আছিল (ইয়োব ৪:৬)। সেয়েহে ইয়োবে তেওঁৰ জীৱনত আত্মবিশ্বাসেৰে কৈছে যেতিয়া তেওঁৰ মুক্তিদাতা প্ৰকাশ পাব তেতিয়া তেওঁ উঠি ঠিয় হ’ব আৰু তেওঁ আনৰ চকুৱে নহয় কিন্তু নিজৰ চকুৱে মুক্তিদাতাক দেখা পাব (ইয়োব ১৯:২৫-২৭)। আমি কি অৱস্থাত আমাৰ ঈশ্বৰক দেখা পাম সেই মনোভাৱেৰে আমি নিজকে শুদ্ধ কৰোঁহঁক যাতে আমিও আমাৰ মুক্তিদাতাক মহান ঈশ্বৰক দেখা পাম।
প্ৰথমতে যীচুৱে কৈছে নিৰ্মল চিত্তৰ লোক সকল ধন্য কাৰণ তেওঁলোকে ঈশ্বৰক দেখা পাব (মথি ৫:৮)। যেতিয়া আমি নিৰ্মল চিত্ত বুলি কওঁ তেতিয়া ই আমাৰ আৰু ঈশ্বৰৰ মাজৰ সম্পৰ্ক দেখুৱাই। মানুহে চকুৱে দেখাৰ দ্ধাৰাই বাহ্যিকভাৱে দেখে কিন্তু আমাৰ প্ৰভু ঈশ্বৰে আমাৰ হৃদয় দেখে (১ চমূৱেল ১৬:৭), আৰু অধিক মানুহে নিজৰ হৃদয় অনুযায়ী আন এজন মানুহক দেখিব (হিতোপদেশ ২৭:১৯) যিজন জণ্ডিছ বেমাৰত আক্ৰান্ত তেওঁক হালধীয়া ৰঙৰ দৰে দেখিব। গতিকে ঈশ্বৰেহে কেৱল এই কপতময় হৃদয়ৰ দুষ্টতা বুজিব পৰাটো সম্ভৱ আন কোনোৱে ইয়াক জানিব নোৱাৰে। ঈশ্বৰে হৃদয়ৰ মৰ্ম আৰু চিত্তৰ বিচাৰ কৰে (যিৰিমিয়া ১৭:৯-১০) কেৱল সেয়ে নহয় ঈশ্বৰে সকলো হৃদয় অনুসন্ধান কৰে আৰু সকলো কল্পনা বুজি পায় (১বংশাৱলি ২৮.৯) আমাৰ খ্ৰীষ্টিয়ান জীৱনত বাপ্তিস্মৰ দ্বাৰা আমি পাপৰ ক্ষমা লাভ কৰোঁ আৰু আমি পবিত্ৰ আত্মাৰ অভিষেক লাভ কৰো (পাঁচনিৰ কৰ্ম ২:২৮)। যিজন ঈশ্বৰে আমাৰ হৃদয়ক জানে তেওঁ আমাৰ হৃদয়ক পবিত্ৰ কৰে আৰু তেওঁ তেওঁলোকক পবিত্ৰ আত্মা দিয়াৰ সাক্ষ্য দিলে (পাঁচনিৰ কৰ্ম ১৫:৮)। আমি নিয়মীয়াকৈ ঈশ্বৰৰ আগত শুচি হৃদয় আৰু সৎ বিবেকেৰে জীয়াই থকা উচিত (১ তীমথিয় ১:৫)।
কিন্তু আদমৰ দৰে যদি আমি আমাৰ অপৰাধবোৰক আমাৰ বুকুত লুকুৱাই ৰাখি আমাৰ উন্মাদনাবোৰ ঢাকি ৰাখোঁ (ইয়োব ৩১:৩৩) বা যদি আমি হৃদয়ত অধৰ্মক লৈ জীয়াই থাকোঁ (গীতমালা ৬৬:১৮) তেন্তে যীচুৱে কৈছে যে যি আমাৰ হৃদয়ৰ পৰা ওলাই যায়, সেইটোৱে আমাক অশুচি কৰিব (মাৰ্ক ৭:২১)। ঘৃণনীয় কাম কৰা কোনোৱেই ঈশ্বৰৰ চিৰন্তন ৰাজ্যত প্ৰৱেশ নকৰে (প্ৰকাশিত বাক্য ২১:২৭) সেয়েহে দায়ূদৰ দৰে যিসকলে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰে তেওঁলোকৰ সকলো অপৰাধ মচি পেলাবলৈ আৰু এখন শুচি হৃদয় সৃষ্টি কৰিবলৈ প্ৰাৰ্থনা কৰিব লাগে (গীতমালা ৫১:৯-১০) আহক আমিও প্ৰাৰ্থনা কৰোঁহঁক। তেতিয়া আমাৰ হৃদয়ত যীচুৰ তেজ ছটিয়াই দিয়া দ্ধাৰাই দুষ্ট বিবেকৰ পৰা আমাক শুচি কৰিব (ইব্ৰী ১০:২২) আমাৰ ঈশ্বৰে আমাক সকলো অশুচিতাৰ পৰা আঁতৰাই আমাৰ পাপ ক্ষমা কৰে আৰু যীচুৰ তেজে আমাক শুচি কৰে (১যোহন ১:৭-৯)। যিহেতু আমাৰ ঈশ্বৰে আমাৰ হৃদয়ক পবিত্ৰ কৰিলে সেয়ে আমি কব পাৰো যে আমি পাপৰ পৰা শুচি (হিতোপদেশ ২০:৯)।
কিন্তু যদি আমাৰ হৃদয় ঈশ্বৰৰ দৃষ্টিত সঠিক নহয় (পাঁচনিৰ কৰ্ম ৮:২১) যিহেতু আমাক প্ৰভুৱে ধোৱা নাই সেয়ে আমাৰ প্ৰভুৰ সৈতে কোনো ভাগ বা অধিকাৰ নাথাকিব (যোহন ১৩:৮), আমি বিনষ্ট হ'ম। কেতিয়াবা মানুহৰ দৃষ্টিত আমাক ধৰ্মীক যেন লাগিব পাৰে, প্ৰভুৰ আগত থিয় হ'বলৈ সক্ষম যেন লাগিব পাৰে প্ৰভুৰ লগত উত্থিত হোৱাৰ যোগ্য বুলি গণ্য কৰা হ'ব পাৰে। কিন্তু যি জনে আমাৰ আমাৰ হৃদয় দেখে তেওঁ আমাৰ হৃদয় শুচি হয়নে নহয় বিচাৰ কৰে, আৰু আমাক উচ্চ পদলৈ মনোনীত নকৰিব কিন্তু আমাক প্ৰত্যাখ্যান কৰিব (১চমুৱেল ১৬:৭-১০), আমি পিছ পৰি থাকি যাম। যীচুৱে কৈছে কাৰণ হৃদয়ৰ প্ৰচুৰতাৰ পৰা মুখে কথা কয় (মথি ১২:৩৪) এতেকে অধৰ্মক গুৰুত্ব নিদিয়া হৃদয়ৰ পৰা (গীতমালা ৬৬: ১৮), ছলনাকাৰী ওঁঠৰে নকৰা প্ৰাৰ্থনালৈ কাণ দিয়া হওঁ (গীতমালা ১৭:১) ।আমাৰ ঈশ্বৰে আমাক মানুহৰ পুত্ৰৰ আগত থিয় হোৱাৰ যোগ্য কৰি তোলে (লূক ২১:৩৬) আমি আমাৰ প্ৰভু ঈশ্বৰক দেখা পাম।
দ্বিতীয়তে আহক আমি উদ্যমেৰে সকলো মানুহৰ সৈতে শান্তি আৰু পবিত্ৰতা অনুসৰণ কৰোঁ, যাৰ অবিহনে কোনো মানুহে প্ৰভুক দেখা নাপাব (ইব্ৰী ১২:১৪)। ইয়াত ই আমাৰ আৰু আনৰ মাজত পবিত্ৰকৰণ দেখুৱাইছে। প্ৰায়ে আমি আনৰ লগত বেয়া ব্যৱহাৰ কৰো যাৰ দ্বাৰা আন মানুহে আমাৰ বিৰোধী হ'বলৈ ধৰে যাৰ ফলত আমি বিচাৰকৰ দ্বাৰা কাৰাগাৰত বন্দী হোৱাৰ দৰে জীয়াই থকাৰ অৱস্থাত আছো ৫:২৩-২৬)। যদি আমি আমাৰ কথাৰ দ্বাৰা আনক দুখ দিছো বা আন কোনো ধৰণে আঘাট দিছো তেন্তে আমি মিলন হ’বলৈ ক্ষমা বিচাৰিব লাগে। তেনেদৰে মিলনৰ পিছতহে আমি ঈশ্বৰৰ সান্নিধ্যলৈ অহাৰ প্ৰয়োজন (মথি ৫:২৪) অন্য হাতে যদি কোনোবাই তেওঁলোকে কৰা দোষৰ বাবে ক্ষমা বিচাৰে তেন্তে আমি তেওঁলোকক সম্পূৰ্ণ হৃদয়েৰে ক্ষমা কৰিব লাগিব। যিমান বাৰেই নহওক কিয় যদি তেওঁলোকে অনুতাপ কৰি ক্ষমা বিচাৰে তেন্তে আমি ক্ষমা কৰিব লাগিব (লূক ১৭:৩-৪) যদিহে আমি আনক সম্পূৰ্ণ হৃদয়েৰে ক্ষমা কৰো তেতিয়াহে আমাৰ ঈশ্বৰে আমাক ক্ষমা কৰিব (মথি ১৮:৩৫)।
কিন্তু কিছুমান মানুহ আছে যি চুবুৰীয়াৰ সৈতে অসাৰতাৰে কাৰ্য্য কৰে তেওঁলোকে খুচামুদি কৰা ওঁঠে আৰু দুই মনেৰে কথা কয় (গীতমালা ১২:২) বাহ্যিকতাৰে ভেড়াৰ বস্ত্ৰ পৰিধান কৰে কিন্তু ভিতৰি ৰাংকুকুৰৰ দৰে (মথি ৭:১৫)। তেওঁলোকে আন্তৰিকতাৰে নিজৰ ভায়েকৰ বিৰুদ্ধেত দুষ্টতাৰে পৰিপূৰ্ণ কিন্তু জিভাৰে খুচামুদ কৰে (গীতমালা ৫:৯) ওঁঠেৰে মৌচাকৰ দৰে মিঠাকৈ কথা কয় আৰু তেলতকৈও তেলেতিয়া। কিন্তু শেষত নাগদানাৰ দৰে তিতা দুধাৰী তৰোৱালৰ দৰে চোকা যাৰ দ্বাৰা তেওঁলোক বেয়া কাম কৰাসকলৰ দৰে হৈ পৰে (হিতোপদেশ ৫:৩-৪) কিন্তু যেতিয়া সময় আহিব আমি কৰা কৰ্ম দৰে আমাৰ ঈশ্বৰে আমালৈ কৰিব (ওবদিয়া ১:১৫)। যদি সৰ্বশক্তিমানে তিক্ত আচৰণ কৰে (ৰুথ ১:২০) নিশ্চয় আমাৰ জীৱন দুৰ্গম হ'ব। গতিকে আমি কাৰো লগত কোনো ধৰণৰ তিক্ততা নকৰি আৰু কোনো ধৰণৰ ক্ষতি নকৰাকৈ জীয়াই থাকিম (কলচীয়া ৩:১৯)। তেতিয়াহে আমি ঈশ্বৰৰ সান্নিধ্যত উপনীত হোৱাটো সম্ভৱ হ’ব (গীতমালা ১৫:২-৪) যেহুৱে যিহোনাদবক কোৱাৰ দৰে আমাৰ হৃদয় শুদ্ধ হওক, তোমাৰ হৃদয়ৰ সৈতে একে হৃদয় হওক (২ ৰাজাৱলি ১০:১৫)। পেণ্টিকষ্টেল মণ্ডলীৰ আগৰ বিশ্বাসীসকলে ইজনে সিজনক লগপোৱাৰ সময়ত ইজনে সিজনক হাত মিলাই প্ৰভুৰ প্ৰশংসা হওক বুলি কৈ তেওঁলোকৰ উচিত হৃদয়ে সহভাগিতাৰ একতা দেখুৱায়। আহক আজি আমিও ইজনে সিজনৰ লগত শান্তি অনুসৰণ কৰি আমাৰ হৃদয়ক পবিত্ৰ কৰি সেইদৰে জীৱন যাপন কৰোঁহঁক। যদি আমি সিদ্ধ হৃদয়েৰে জীয়াই থাকোঁ তেন্তে আমাৰ ঈশ্বৰ আমাৰ লগত সন্তুষ্ট হ'ব (১ বংশাৱলি ২৯:১৭)।
পাঁচনি পৌলে যিজনে পুনৰুত্থানৰ আকাংক্ষাত আছিল, তেওঁ নিজৰ আশাৰ বাবে ঈশ্বৰ আৰু মানুহৰ প্ৰতি সদায় অপৰাধহীন বিবেক ৰাখিবলৈ অনুশীলন কৰিছিল (পাঁচনিৰ কৰ্ম ২৪:১৫-১৬)। ইয়াৰ কাৰণে তেওঁ দৈনিক শুদ্ধ বিবেকেৰে ঈশ্বৰৰ আগত চলাটো সম্ভৱ হৈছিল (পাঁচনিৰ কৰ্ম ২৩:১)। যিহেতু ঈশ্বৰ সৰ্বশক্তিমান সেয়ে ঈশ্বৰে বিচাৰিছিল যে অব্ৰাহামে ঈশ্বৰৰ আগত সিদ্ধ ভাৱে চলিব যাতে তেওঁ অব্ৰাহামৰ জীৱনত কাৰ্য্য কৰিব পাৰে (আদিপুস্তক ১৭:১)। গতিকে আহক আমি সদায় ঈশ্বৰ আৰু মানুহৰ প্ৰতি অপৰাধহীন বিবেক লৈ জীয়াই থাকিবলৈ ব্যায়াম কৰোঁ। তেতিয়াহে ঈশ্বৰৰ আগত আমি শুচি হৃদয় আৰু সৎ বিবেক থকা দেখিব পাৰিম (১ তীমথিয় ১:৪) ইয়াৰ বাবে আমি কেৱল ঈশ্বৰৰ দ্বাৰা পবিত্ৰ কৰাই নহয় কিন্তু ঈশ্বৰৰ দ্বাৰাই ধাৰ্মিকতাও লাভ কৰিব লাগিব (১ কৰিন্থীয়া ৬:১১)। পবিত্ৰ কৰাসকলে কোনেও কাৰো বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নোৱাৰে আৰু বদনাম কৰিব নোৱাৰে যিহেতু ন্যায়পৰায়ণ ঈশ্বৰে তেওঁলোকক মনোনীত কৰি লৈছে (ৰোমীয়া ৮:৩৩) সেয়েহে আমি তেওঁৰ ধাৰ্মিকতাৰ মুখ চাওঁহঁক, আমাৰ বাবে এনেকুৱা হওক যে আমি তেওঁৰ সাদৃশ্যক চাবলৈ যোগ্য হ’বলৈ পুণৰুত্থিত পুৱাত জাগ্ৰত হোৱাৰ যোগ্য হওঁ (গীতমালা ১৭:১৫)। ইয়াৰ দ্বাৰা আমি তেওঁক চাবলৈ আৰু প্ৰভুৰ আগমনৰ সময়ত তেওঁৰ দৰে হ'বলৈ যাতে আমি সেই ধণ্য আশাৰ সৈতে জীয়াই থাকিব পাৰো, আমাৰ প্ৰভু ঈশ্বৰে আমাক সকলোকে সহায় আৰু প্ৰস্তুত কৰক।