শিষ্যত্বৰ উৎকৃষ্টতা (যোহন ১৩:৩৪–৩৫)
ঈশ্বৰৰ মহিমা হওক
শিষ্যত্বৰ উৎকৃষ্টতা
“মই তোমালোকক এটা নতুন আদেশ দিছোঁ—তোমালোকে পৰস্পৰে পৰস্পৰক প্ৰেম কৰা। মই তোমালোকক যিদৰে প্ৰেম কৰিলোঁ, তেনেদৰে তোমালোকেও পৰস্পৰে পৰস্পৰক প্ৰেম কৰা। তোমালোকৰ মাজত যদি পৰস্পৰ মাজত প্ৰেম থাকে, তেন্তে সকলোৱ জানিব যে তোমালোক মোৰ শিষ্য।”—যোহন ১৩:৩৪–৩৫
যীচুৱে কৈছে যে আমি পৰস্পৰে পৰস্পৰক প্ৰেম কৰিব লাগে, যাতে সকলোয়ে জানিব পাৰে যে আমি যীচুৰ শিষ্য। এই প্ৰেম কেনেকুৱা হ’ব লাগে সেয়া স্পষ্ট কৰিবলৈ যীচুৱে আমাক সোঁৱৰাই দিয়ে—যেনেকৈ তেওঁ আমাক প্ৰেম কৰিলে, তেনেকৈ আমিও পৰস্পৰে পৰস্পৰক প্ৰেম কৰিব লাগে। অৰ্থাৎ কেৱল মানৱীয় স্তৰত প্ৰেম কৰা যথেষ্ট নহয়; যীচুৱে যিদৰে আমাক প্ৰেম কৰিলে, সেইদৰেই আমিও প্ৰেম কৰিব লাগিব। মথি ৫:৪৩, ৪৬–৪৭ মতে মানৱীয় প্ৰেম মানে যিসকলে আমাক প্ৰেম কৰে তেওঁলোকক প্ৰেম কৰা আৰু শত্রুক ঘৃণা কৰা। কৰতোলা আৰু পৰজাতি সকলেও ইয়াক কৰে। কিন্তু আমি এনে ধৰণে প্ৰেম কৰিব নালাগে। যীচুৱে যিদৰে আমাক প্ৰেম কৰিলে—অর্থাৎ পিতৃ ঈশ্বৰে যীচুক যিদৰে প্ৰেম কৰিলে, তেনেদৰে তেওঁ আমাক প্ৰেম কৰিলে (যোহন ১৫:৯)।সেই ঈশ্বৰীয় প্ৰেম অনুসাৰে আমিও পৰস্পৰে পৰস্পৰক প্ৰেম কৰিব লাগিব।
ইয়াক স্পষ্ট কৰিবলৈ লূক ৬:২৭–৩৫ পদসমূহত যীচুৱে ঐশ্বৰীক প্ৰেম কেনেকুৱা সেয়া দেখুৱাইছে। ঈশ্বৰে অকৃতজ্ঞ আৰু দুষ্ট লোকৰ প্ৰতিও দয়ালু (লূক ৬:৩৫); তেওঁ দুষ্ট আৰু ভাল লোকৰ ওপৰত নিজৰ সূৰ্য উদয় কৰায় আৰু ধাৰ্মিক আৰু অধাৰ্মিক সকলোৰে ওপৰত বৃষ্টি বৰষায় (মথি ৫:৪৪–৪৫)। সেয়েহে আমিও আমাৰ শত্রুক প্ৰেম কৰিব লাগিব—যিসকলে ঘৃণা কৰে তেওঁলোকক মঙ্গল কৰিব, আৰু যিসকলে শাও দিয়ে তেওঁলোকক আশীৰ্বাদ কৰিব, আৰু যিসকলে নিন্দা কৰে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব (লূক ৬:২৭–২৮; মথি ৫:৪৪)। এজনে যদি এখন গালত চৰ মাৰে, তেন্তে সিখনো পাতি দিয়া; কোনোবাই তোমাৰ চাদৰ কাঢ়ি লয়, তেওঁক তোমাৰ চোলাও লবলৈ হাক নিদিবা ; যিয়ে বিচাৰে তেওঁক দিয়া আৰু যি কোনোৱে তোমাৰ সম্পত্তি কাঢ়ি লয় তাক পুনৰ ঘূৰাই নিবিচাৰিবা। এইদৰে দুষ্টতাক সৎ কৰ্মৰে জয় কৰি স্বৰ্গীয় পিতৃৰ সন্তান হ’বলৈ যোগ্যভাৱে জীৱন যাপন কৰি ঈশ্বৰীয় প্ৰেম অনুসাৰে সকলোকে প্ৰেম কৰিব লাগিব (লূক ৬:২৯–৩৫)। ৰোমীয়া ৫:৬–১০ পদলৈ পৌলৰ পত্ৰই আমাক দেখুৱাইছে যে ইতিপূৰ্বে যেতিয়া আমি দুৰ্ব্বল, পাপী আৰু শত্ৰু আছিলো, তেতিয়াই ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেম প্ৰকাশ কৰিলে। সেয়েহে আমি কেৱল আমাক ভালপোৱা লোকক নহয়, শত্রু, ঘৃণাকাৰী আৰু অত্যাচাৰীসকলকো—সংক্ষেপে সকলোকে—ভালপাব লাগিব।
আৰু এটা বিশেষত্ব হ’ল, মানৱীয় প্ৰেম অস্থায়ী। যেতিয়ালৈকে কোনোবাই আমাক প্ৰেম কৰে তেতিয়ালৈকে আমি তেওঁক প্ৰেম কৰোঁ; কিন্তু তেওঁ শত্রু হ’লে সেই ভালপোৱা শেষ হয়। কিন্তু ঈশ্বৰীয় প্ৰেম তেনেকুৱা নহয়। মানুহ ভাল হওক বা পিছলৈ গৈ শত্রু হওক—ঈশ্বৰৰ ভালপোৱা কেতিয়াও সলনি নহয়। ঈশ্বৰীয় প্ৰেম কেতিয়াও শেষ নহয় (১ কৰিন্থীয়া ১৩:৮); প্ৰেম চিৰকাল থাকে (১ কৰিন্থীয়া ১৩:১৩)। “যীচুৱে পৃথিৱীত থকা নিজৰ লোকসকলক শেষলৈকে যেনেকৈ প্ৰেম কৰিলে সেইদৰে আমিও পৰস্পৰক প্ৰেম কৰিব লাগিব, হয়, তেওঁ জগতত থকা তেওঁৰ লোক সকলক শেষলৈকে প্ৰেম কৰিলে”(যোহন ১৩:১)।
এইটো কেনেকৈ সম্ভৱ হ’ল? যীচুৱে কেনেকৈ এইটো প্ৰকাশ কৰিলে—সেয়া মন কৰিলে আমাক আশ্চৰ্য লাগে। যীচুৱে জানিছিল যে তেওঁৰ এই পৃথিৱী এৰি পিতৃৰ ওচৰলৈ যোৱাৰ সময় আহিছে। নিজৰ লোকসকলক শেষলৈকে প্ৰেম কৰাৰ প্ৰমাণ দিবলৈ তেওঁ ভোজৰ পৰা উঠি ওপৰৰ কাপোৰ খুলি, এখন গামোচা লৈ কঁকালত বান্ধি, এটা পাত্ৰত পানী ঢালি শিষ্যসকলৰ ভৰি ধুই গামোচাৰে মচিবলৈ ধৰিলে (যোহন ১৩:১, ৩–৫)।
এই কাৰ্য্যটোক যদি আমি প্ৰথম চামূৱেল ২৫:৪০-৪১ লৈ তুলনা কৰোঁ, য’ত দায়ূদৰ ভৱিষ্যৎ পত্নী হ’বলৈ যোৱা অবীগাই দাসসকলক কৈছিল, “এইয়া, আপোনাৰ দাসীয়ে আপোনাৰ প্ৰভুৰ দাসসকলৰ ভৰি ধুই দিবলৈ প্ৰস্তুত”। প্ৰভুৰ ভৰি ধোৱা কাৰ্য বহুতে কৰিব পাৰে, কিন্তু দাসসকলৰ ভৰি ধোৱা মানে নিজকে অধিক নম্ৰ কৰা। সেইদৰে যীচুৱেও কেৱল শিষ্যসকলৰ নহয়—যিসকলে তেওঁক “গুৰু” আৰু “প্ৰভু” বুলি মাতে—সেই দাসসকলৰ ভৰি ধুই দিবলৈ দাস হৈ পৰিল। ফিলিপীয়া পত্ৰ ২:৬-৭ পদলৈ আমাক দেখুৱাইছে যে যীচুৱে ঈশ্বৰীয় স্বৰূপত থাকিও ঈশ্বৰৰ সমান হোৱাকে নাভাবি, দাসৰ ৰূপ ধাৰণ কৰি নিজকে শূন্য কৰি মানুহৰ নিচিনা হ’ল (ফিলিপীয়া ২:৬–৭)।
কিয় যীচুৱে দাস হ’ল? কাৰণ যাত্ৰা পুস্তক ২১:১-৬ পদলৈ বাখ্যা কৰিছে: এজন ইব্ৰী দাসে মুক্ত হোৱাৰ সুযোগ থাকিলেও, যদি তেওঁ নিজৰ প্ৰভু, প্ৰভুৱে দিয়া তেওঁৰ পত্নী আৰু সন্তানক ভালপায়, তেন্তে তেওঁ মুক্ত হৈ নাযায়; বৰঞ্চ কাণ ফুটাই চিৰকালৰ বাবে দাস হৈ থাকে। পিতৃ ঈশ্বৰে যীচুক যিসকলক দিলে (যোহন ৬:৩৭–৩৯; ১০:২৭–২৯), তেওঁলোকক যীচুৱে শেষলৈকে প্ৰেম কৰিলে; সেইকাৰণে তেওঁ দাসৰ ৰূপ লৈ তেওঁলোকৰ ভৰি ধুই দিলে (যোহন ১৩:৪-৫)। সেয়েহে আমি যদি পৰস্পৰে পৰস্পৰক শেষলৈকে ভালপাব বিচাৰোঁ, তেন্তে আমি দাস হ’ব লাগিব, আৰু স্থায়ী প্ৰেমৰ দাস হ’ব লাগিব, তেতিয়াহে আমাৰ প্ৰেম কোনো বিফল নোহোৱাকৈ চিৰকালৰ থাকিব।
“যীচুৱে যিদৰে আমাক প্ৰেম কৰিলে, তেনেদৰে আমিও পৰস্পৰে পৰস্পৰক প্ৰেম কৰিব লাগিব” বুলি যোহন ১৫:১২ পদত কোৱা বাক্যৰ অৰ্থ স্পষ্ট হলেহে, আমি দাস হোৱাৰ গভীৰ অৰ্থ বুজিব পাৰিম। যীচুৱে কৈছিল—“পিতৃয়ে মোক যিদৰে প্ৰেম কৰিলে, ময়ো তোমালোককো তেনেদৰে প্ৰেম কৰিলোঁ; তোমালোক মোৰ প্ৰেমতে থাকা” (যোহন ১৫:৯–১০)। যীচুৰ প্ৰেমত কেনেকৈ থাকিব পাৰিম? যীচুৱে কৈছে—যিদৰে তেওঁ পিতৃৰ আদেশ মানি তেওঁৰ প্ৰেমত বাস কৰে, তেনেদৰে আমিও যীচুৰ আদেশ মানিলে তেওঁৰ প্ৰেমত বাস কৰিব পাৰিম। (যোহন ১৪:১৫, ২১, ২৩–২৪; ১৫:১৪) যীচুৱে পিতৃৰ আদেশ সম্পূৰ্ণৰূপে মানিবলৈ—ক্রুচীয় মৃত্যুলৈকে আজ্ঞাকাৰী হ’বলৈ—দাসৰ ৰূপ লৈছিল (ফিলিপীয়া ২:৬–৮)। গীতমালা ৪০:৬–৮ আৰু ইব্ৰী ১০:৫–৭ ত কোৱা মতে, হোমবলি আৰু বলিদানতকৈ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ যীচুক দেহ প্ৰদান কৰা হ’ল। কাণ ফুটোৱা মানে—ঈশ্বৰৰ আদেশ মানিবলৈ সম্পূৰ্ণৰূপে নিজকে সমৰ্পণ কৰা। এইদৰে যীচুৱে পিতৃৰ ইচ্ছা সম্পূৰ্ণ কৰিলে (যিচয়া ৫৩:১০) আৰু নিজৰ বিষয়ে লিখা সকলো কথা সম্পূৰ্ণ কৰি আজ্ঞাকাৰী দাস হ’ল (যোহন ১৯:২৮–৩০)। সেয়েহে যীচুক প্ৰেম কৰি তেওঁৰ আদেশ মানি, তেওঁৰ প্ৰেমত বাস কৰিবলৈ আমিও যীচুৰ দৰে দাস হ’ব লাগিব—শেষলৈকে আজ্ঞাকাৰী দাস।
পিতৃয়ে যীচুক যিদৰে প্ৰেম কৰিলে, যীচুৱে আমাক তেনেদৰে প্ৰেম কৰিলে। যীচুৱে যিদৰে আমাক প্ৰেম কৰিলে, তেনেদৰে পৰস্পৰে প্ৰেম কৰি ভ্ৰাতৃ-প্ৰেমত বাস কৰিবলৈ (যোহন ১৩:৩৪) আমিও দাসৰ ৰূপ ল’ব লাগিব—কাণ ফুটোৱা চিৰকালৰ দাস। তেতিয়াহে শেষলৈকে প্ৰেম কৰিব পাৰিম। ১ পিতৰ ৫:৫ পদত কৈছে—সকলোৱে পৰস্পৰে পৰস্পৰৰ অধীন হওক, নম্ৰতাক পিন্ধক। প্ৰথম পিতৰ ২:১৮ পদত কেৱল ভাল আৰু নম্ৰ লোকৰ বাবেই নহয়, কঠোৰ লোকৰ বাবেও অধীন হ’বলৈ কোৱা হৈছে। অৰ্থাৎ সকলোয়ে পৰস্পৰে দাস হৈ নম্ৰতাৰে ভালপোৱাত বাসতি কৰিব লাগিব (১ পিতৰ ৫:৫)।এনে পাৰস্পৰিক প্ৰেমে—ধৈৰ্য, কৃপা, সহনশীলতা, সহায় আৰু বিশ্বস্ততা, এই সকলো সংজ্ঞা পূৰ্ণ কৰে (১ কৰিন্থীয়া ১৩:৪–৮)।
এটা কাহিনী সোঁৰৱাই দিওঁ—স্বৰ্গত এটা মহান ভোজ যুগুত কৰা হৈছে। সোৱাদযুক্ত আহাৰেৰে মেজ ভৰ্তি। কিন্তু স্বৰ্গবাসীসকলৰ হাতত দীঘল চামুচ বন্ধা আছে, যাৰ বাবে তেওঁলোকে নিজে নিজে খাব নোৱাৰে। তথাপি তেওঁলোকে চিন্তা নকৰে; কাৰণ তেওঁলোকে দাসৰ দৰে পৰস্পৰে এজনে আন জনক খুৱায়। এইদৰে সকলোৱে আনন্দৰে ভোজ উপভোগ কৰে।
যীচুৱে নিজৰ লোকসকলক শেষলৈকে প্ৰেম কৰিবলৈ তেওঁলোকৰ দাস হ’ল। তেনেদৰে আমিও যদি পৰস্পৰে দাস হৈ, অধীন হৈ, সহন কৰি, আজ্ঞাকাৰী হৈ, আদৰ আৰু সহায় কৰি প্ৰেমত জীৱন যাপন কৰোঁ, তেন্তে আমি এই পৃথিৱীৰ আগত দেখুৱাব পাৰিম যে আমি যীচুৰ শিষ্য। আমাৰ পিতৃ ঈশ্বৰে আমাক এই অভিজ্ঞতাৰ যোগ্য কৰি, নিজৰ আশীৰ্বাদেৰে পূৰ্ণ কৰি, আমাৰ জীৱনৰ দ্বাৰা নিজৰ নাম মহিমান্বিত কৰক।