আহ্বান কৰাজনৰ বিশ্বাসযোগ্যতা (প্ৰথম থিচলনীকীয়া ৫:২৪)
ঈশ্বৰৰ মহিমা হওক
আহ্বান কৰাজনৰ বিশ্বাসযোগ্যতা
যি জনাই তোমালোকক আমন্ত্ৰণ কৰিছে, তেওঁ বিশ্বাসী, তেৱেঁই তাক কৰিব। প্ৰথম থিচলনীকীয়া ৫:২৪
২তীমথি (২:১৩ পদত আমি বিশ্বাসযোগ্যতা বিষয়ে পঢ়িবলৈ পাওঁ যে আমি বিশ্বাসী নহ’লেও, ঈশ্বৰ আমাৰ প্ৰতি বিশ্বাসী হৈ থাকে, কাৰণ তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। আমি আমাৰ মূল পদটোত এটা বিশেষ কথাও দেখিবলৈ পাওঁ: ঈশ্বৰ কেৱল যিসকলক আমন্ত্ৰণ কৰিছে তেওঁলোকৰ প্ৰতি বিশ্বাসীয়েই নহয়, তেওঁ তেওঁলোকৰ মাজত আহ্বান কৰাৰ উদ্দেশ্য পূৰণ কৰিব বুলিও প্ৰতিজ্ঞা কৰিছে। এইটোৱেই হৈছে স্বৰ্গীয় আহ্বানৰ অংশীদাৰ, পবিত্ৰ ভাইসকলক দিয়া আশ্বাস(ইব্ৰী ২:১)। গতিকে ঈশ্বৰৰ বাক্যই এই ভাইসকলক তেওঁলোকৰ আহ্বান আৰু নিৰ্বাচন নিশ্চিত কৰিবলৈ অধ্যৱসায় কৰিবলৈ অনুৰোধ কৰিছে যাতে তেওঁলোকে পতিত নহয়, কিয়নো তেনেকৈয়ে তেওঁলোকৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ চিৰন্তন ৰাজ্যত প্ৰৱেশৰ প্ৰচুৰতা প্ৰদান কৰা হ’ব (২পিতৰ ১:১০-১১)।
ইফিচীয়া ১:১৮-১৯ পদত আমাক জানিব লগীয়া কিছুমান উচিত কথা কৈছে, সেয়া হ’ল তেওঁৰ আহ্বানৰ আশা কি আৰু পবিত্ৰ লোকসকলৰ মাজত তেওঁৰ উত্তৰাধিকাৰৰ মহিমাৰ ধন কিমান সেই বিষয়ে জনা। অৰ্থাৎ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমা লাভ কৰিবলৈ আমাক আহ্বান কৰা হৈছে, সেই বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব(২থিচলনিকীয়া ২:১৪)। এইটো অনুভৱ কৰিবলৈ আমি আমাৰ-নিজৰ প্ৰতি তেওঁৰ শক্তিৰ অতিশয় মহত্ত্বও জানিব লাগিব। যিহেতু তেওঁৰ মহিমা লাভ কৰাটো আমাৰ সামৰ্থ্যৰ দ্বাৰা নহয়, বৰঞ্চ ঈশ্বৰৰ মহান শক্তিৰ দ্বাৰাহে হয়।
ৰোমীয়া ৮:২৮-৩০ পদত দেখুওৱা হৈছে যে ঈশ্বৰে তেওঁক প্ৰেম কৰা এনে এটা গোটক আমন্ত্ৰণ কৰিছে, যি সকলক তেওঁ আগতেই জানিছিল, তেওঁ নিজৰ উদ্দেশ্য অনুসৰিও পূৰ্বনিৰ্ধাৰিত কৰিছিল, যিজনে যীচু খ্ৰীষ্টৰ দ্বাৰাই সকলো সৃষ্টি কৰিছিল, যিবোৰ জগতৰ আৰম্ভণিৰে পৰা ঈশ্বৰত গুপ্ত আছিল, যাতে ঈশ্বৰৰ নিগূৰ তত্ৱ চিৰন্তন সত্য কি তাক যাতে খ্ৰীষ্ট যীচুত মণ্ডলীয়ে জানিব পাৰে(ইফিচিয়া ৩:৯-১১)। এই ঐশ্বৰিক উদ্দেশ্য যোগেৰে আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমা লাভ কৰিব পাৰো কাৰণ আমাক শুভবাৰ্তাৰ দ্বাৰা পৰিত্ৰাণ পাবলৈ আহ্বান কৰা হৈছে(২থিচলনিকীয়া২:১৪)।
অধিক স্পষ্টভাৱে চিন্তা কৰিবলৈ হ’লে, এজন ব্যক্তিৰ জন্মৰ আগতেই ঈশ্বৰে তেওঁৰ অৱস্থা জানে, তেওঁ তেওঁলোকৰ চৰিত্ৰ অনুসৰি তেওঁলোকক আগতেই জানে আৰু পূৰ্বনিৰ্ধাৰিত কৰে(যিৰিমিয়া১:৫)। উদাহৰণস্বৰূপে, এচৌ আৰু যাকোবৰ স্বভাৱ অনুসৰি( আদি পুস্তক২৫:২৭) ঈশ্বৰে এচৌক ঘৃণা কৰিছিল যদিও যাকোবক ভাল পাইছিল(ৰোমীয়া৯”১৩)। ৰোমীয়া ৮:২৮-৩০ পদত দেখুওৱা হৈছে যে যেতিয়া ঈশ্বৰে মানুহলৈ দৃষ্টি কৰে, তেতিয়া তেওঁ কিছুমান লোকক ভালপোৱা লোক হিচাপে পূৰ্বতে দেখে, যিসকলে নিজৰ জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে নিজকে খ্ৰীষ্টৰ মহিমা লাভ কৰিবলৈ উৎসাহিত কৰে, কাৰণ তেওঁ তেওঁলোকক পূৰ্বনিৰ্ধাৰিত কৰি ৰাখে। যেতিয়া আমাৰ জীৱন স্ৱৰুপ খ্ৰীষ্ট প্ৰকাশ পাব, তেতিয়া তোমালোকও তেওঁৰ লগত মহিমাত প্ৰকশিত হ’বা(কলচীয়া৩:৪) । এই আশা থকা পূৰ্বজ্ঞাতসকল হৈছে সেইসকল যিসকলক ঈশ্বৰে পূৰ্বনিৰ্ধাৰিত কৰিছিল( ১যোহন৩:২-৩)।
যিসকলক ঈশ্বৰে পূৰ্বনিৰ্ধাৰিত কৰিছিল, তেওঁলোকক তেওঁ স্বৰ্গীয় আহ্বানৰ অংশীদাৰ কৰিছিল আৰু তেওঁলোকক শুভবাৰ্তাৰ দ্বাৰা পৰিত্ৰাণৰ বাবে আমন্ত্ৰণ কৰিছিল(ইব্ৰী৩:১)। যেতিয়া তেওঁলোকে বিশ্বাস কৰে আৰু বাপ্তিস্ম লয় তেতিয়া তেওঁলোকে পৰিত্ৰাণ পায়(মাৰ্ক ১৬:১৬), তেওঁলোকে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা লাভ কৰে( গালতীয়া ২:১৬)। তাৰ পিছত, ঈশ্বৰে তেওঁলোকক তেওঁৰ পবিত্ৰ আত্মা দান কৰে আৰু আত্মাৰ দ্বাৰা পবিত্ৰ কৰি তেওঁলোকক পবিত্ৰ লোক কৰে(১পিতৰ১:২)। খ্ৰীষ্টই ক্ৰুচত নিজকে শোধাই দিলে যাতে ইয়াৰ দ্ধাৰাই এটা গৌৰৱময় মণ্ডলী উপস্থাপন কৰিব পাৰে, আৰু এইদৰে এই পবিত্ৰ লোকসকলক মণ্ডলীত যোগ কৰা হয়(ইফিচিয়া৫:২৫-২৭)। প্ৰভুৱে পৰিত্ৰাণ পোৱা লোকসকলক দৈনিক মণ্ডলীত লগ লগাই থৈছিল(পাচঁনিকৰ্ম ২:৪৭)। তথাপিও, যিজনক তেওঁ আমন্ত্ৰণ কৰিছিল, তেওঁক ধাৰ্মিকতা প্ৰদান কৰিছিল, যাক তেওঁ ধাৰ্মিকতা প্ৰদান কৰিছিল, তেওঁ তেওঁলোকক মহিমামণ্ডিত কৰিবলৈ নেতৃত্ব দিয়ে, যাৰ দ্বাৰা আহ্বান কৰা লোকসকলৰ আগত তেওঁৰ বিশ্বাসযোগ্যতা প্ৰকাশ কৰে(ৰোমীয়া ৮:৩০)।
ৰজা চলোমন যদিও ঈশ্বৰৰ দ্বাৰা পূৰ্বজ্ঞান আৰু পূৰ্বনিৰ্ধাৰিত(১ বংশাৱলী২২:৯-১০) আছিল আৰু ঈশ্বৰৰ প্ৰিয় পাত্ৰ আছিল(২ চামূৱেল১২:২৪-২৫) পিছলৈ তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল। যেতিয়া আমি মানুহৰ অৱস্থাৰ কথা ভাবো যিসকলে আদমে কৰা পাপৰ দ্বাৰা ভাল আৰু বেয়াক পৃথক কৰিবলৈ ঈশ্বৰৰ দৰে হয় (আদিপুস্তক ৩:২২)। যিহেতু তেওঁৰ হৃদয়ৰ চিন্তাৰ কল্পনা অহৰহ বেয়া আছিল(আদিপুস্তক৬:৫)। তেওঁ ভাল বাছি লোৱাৰ পৰিৱৰ্তে সদায় বেয়া বাছি লয়। আনকি ৰজা চলোমনেও প্ৰভুৰ পৰা নিজৰ হৃদয় আঁতৰাইছিল, বেয়া বাছি লৈছিল, আৰু ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, সেয়েহে ঈশ্বৰে তেওঁক অগ্ৰাহ্য কৰিলে ২ৰাজাৱলী ১১:৯-১০)। আমাৰ বাবে এয়া এক নৈতিক শিক্ষা।
আমাৰ মাজত মহিমামণ্ডিত কৰাৰ তেওঁৰ ঐশ্বৰিক উদ্দেশ্য সম্পন্ন কৰিবলৈ ঈশ্বৰে দুটা কাম কৰে যিটো আমি প্ৰথম থিচলনীকিয়া ৫:২৩ পদত পঢ়িবলৈ পাওঁ। প্ৰথমতে, শান্তিৰ ঈশ্বৰে যাক তেওঁ আমন্ত্ৰন কৰিছিল, তেওঁক সম্পূৰ্ণৰূপে পবিত্ৰ কৰে। ঈশ্বৰৰ বংশ তেওঁৰ মাজত থকাৰ বাবে তেওঁ পাপ নকৰে, কিয়নো তেওঁ নিজকে ৰক্ষা কৰে(১যোহন৩:৯;৫:১৮)। যদি আমি পাপ কৰোঁ, তেন্তে পিতৃৰ ওচৰত আমাৰ এজন অধিবক্তা আছে, ধাৰ্মিক যীচু খ্ৰীষ্ট (১যোহন ২:১)। যদি আমি আমাৰ পাপ স্বীকাৰ কৰোঁ, তেন্তে ঈশ্বৰ বিশ্বাসী আৰু ন্যায়পৰায়ণ যিয়ে আমাক ক্ষমা কৰিব আৰু যীচুৰ তেজৰ দ্বাৰাই আমাক সকলো অধাৰ্মিকতাৰ পৰা শুচি কৰে(১যোহন১:৭-৯)। গতিকে যেতিয়া আমি ধাৰ্মিক যীচু খ্ৰীষ্টৰ আগত প্ৰকৃত মনপালটন আৰু অনুতাপৰ সৈতে আমাৰ পাপ স্বীকাৰ কৰোঁ, তেতিয়া তেওঁ আমাক পিতৃৰ ওচৰত আমাৰ পাপ প্ৰায়শ্চিত কৰি তাৰ পৰা মুক্ত কৰে(১যোহন২:২)। যীচুৱে তেওঁৰ তেজৰ দ্বাৰা আমাক নিৰ্মল আৰু কোনো অশুচিতা নোহোৱাকৈ পৰিষ্কাৰ কৰে(ইফিচিয়া৫:২৭)। আমাৰ ঈশ্বৰে প্ৰথমে আমাক শুচি হোৱাটো দেখা পাব বিচাৰে আৰু তেওঁৰ আগমনৰ সময়ত নিৰ্দ্দোষী হোৱাটো বিচাৰে(২পিতৰ৩:১৪) । যেতিয়া আমি মেৰ পোৱালিৰ কইনা হিচাপে থিয় হওঁ তেতিয়া আমি পৰিষ্কাৰ কাপোৰ পিন্ধিবলৈ অনুগ্ৰহ লাভ কৰিম(প্ৰকাশিতবাক্য১৯:৭-৮)। সেইদিনা এই অনুগ্ৰহ কেৱল কইনাৰ বাবে যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱলৈ অপেক্ষা কৰা সকলৰ আগত প্ৰকাশ পাব, সেয়েহে আহক আমি এতিয়াৰ পৰাই এই অনুগ্ৰহৰ বাবে আমাৰ নিখুঁত আশা স্থাপন কৰোঁ(১পিতৰ১:১৩)।
দ্বিতীয়তে, প্ৰথম থিচলনীকীয়া৫:২৩ পদত আমি পঢ়িবলৈ পাওঁ যে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমনৰ সময়ত আমাৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীভাৱে ৰক্ষা কৰা হ’ব। যীচু খ্ৰীষ্টই তেওঁৰ ইচ্ছাৰ অনুসাৰে গ্ৰহণ কৰিবলৈ আমাক পূৰ্বনিৰ্ধাৰিত কৰি, তেওঁ আমাক জগতৰ প্ৰতিষ্ঠাৰ আগতেই তেওঁত বাছি লৈছে, যাতে আমি প্ৰেমত তেওঁৰ আগত পবিত্ৰ আৰু নিৰ্দ্দোষী হওঁ(ইফিচিয়া১:৪-৬)। আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰে আমাক পাপৰ পৰা ৰক্ষা কৰিবলৈ আৰু অতি আনন্দৰে তেওঁৰ মহিমাৰ সান্নিধ্যৰ আগত আমাক নিৰ্দ্দোষীভাৱে উপস্থাপন কৰিব(যিহুদা১:২৪-২৫)। গতিকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমনৰ আগলৈকে আমাৰ সমগ্ৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীভাৱে ৰক্ষা কৰা হ’ব। খ্ৰীষ্টই মণ্ডলীক নিজৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হিচাপে উপস্থাপন কৰিব(ইফিচিয়া৫:২৭)। আমাৰ ঈশ্বৰে দ্বিতীয়তে আমাক নিৰ্দোষী হিচাপে চাবলৈ ইচ্ছা কৰে(২পিতৰ৩:১৪)। তেওঁৰ আবিৰ্ভাৱৰ সময়ত প্ৰকাশ পোৱা অনুগ্ৰহৰ দ্বাৰা আমি বগা কাপোৰ পিন্ধিম(প্ৰকাশিতবাক্য১৯:৮)। ইয়াৰ দ্বাৰা তেওঁ আমাক দুটা বস্তুৰে উপস্থাপন কৰিব প্ৰথমতে দাগ নোহোৱা, দ্বিতীয়তে দোষ নথকা। প্ৰকাশিতবাক্য ১৯:৮ পদত আমি দুই ধৰণৰ বিশেষ কাপোৰৰ পিন্ধিবৰ বাবে অনুগ্ৰহ লাভ কৰিম বুলি কৈছে, প্ৰথমে পৰিষ্কাৰ, দ্বিতীয়তে বগা কাপোৰ। আমাক পবিত্ৰ কৰা আৰু নিৰ্দোষী কৰি তোলা বিশ্বাসী ঈশ্বৰৰ পৰা আমি এই দুয়োটা অভিজ্ঞতা লাভ কৰোঁ।
আমাৰ ঈশ্বৰে আমাক ৰক্ষা কৰিবলৈ, যেনেকৈ কুকুৰাই নিজৰ পোৱালিক ডেউকাৰ তলত গোটাই লয়, কিমানবাৰ তাইৰ সন্তানক (আমি আমাৰ সন্তানক নহয়) তাইৰ ডেউকাৰ তলত গোটাব বিচাৰে, আৰু তোমালোকে সন্মত নহোৱা(মথি২৩:৩৭)। আমাৰ সন্তান আমি নহয় কিন্তু আমাৰ অন্তৰিক পুৰুষ(২কৰিন্তিয়ান ৪:১৬)। এইটোৱেই হৈছে অন্তৰ্নিহিত মানুহ(ইফিচিয়া৩:১৬), অন্যথা এজন মানুহৰ সন্তান যাক হঠাতে ঈশ্বৰ বা তেওঁৰ সিংহাসনৰ ওচৰলৈ লৈ যাব পাৰিলেহেঁতেঁন(প্ৰকাশিতবাক্য১২:৫)। আমাৰ যীচুৱে আমাক প্ৰায়ে তেওঁৰ ডেউকাৰ তলত গোটাই ল’ব বিচাৰে, কিন্তু তোমালোকে সন্মত নোহোৱা! আমি কিছুমান কথা বুজিব পাৰো, যেতিয়া আমি বিবেচনা কৰোঁ যে আমি যিসকলে এসময়ত ইচ্ছুক আছিলো, পিছলৈ কিয় অনিচ্ছুক হৈ পৰিলোঁ, আমাৰ যীচুৱে তেওঁলোকৰ বিষয়ে কৈছে যে তেওঁলোকে ভাববাদীসকলক হত্যা কৰিছিল আৰু তেওঁলোকৰ ওচৰলৈ পঠোৱা দাসসকলক শিলগুটিৰে আঘাত কৰিছিল(মথি ২৩:৩৭)। আমি ঈশ্বৰৰ পৰামৰ্শ আৰু ভৱিষ্যদ্বাণীৰ দ্বাৰা লাভ কৰা ঐশ্বৰিক মতবাদ আৰু ঈশ্বৰৰ বাক্যক নাকচ নকৰো। ভৱিষ্যদ্বাণীক তুচ্ছজ্ঞান নকৰো আহক(১থিচলনিকীয়া৫:২০)। কিয়নো কোনো ভৱিষ্যবাণী কোনো ব্যক্তিগত ব্যাখ্যাৰ নহয় আৰু মানুহৰ ইচ্ছাৰ দ্বাৰাইও অহা নাই কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকসকলে পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ কথা কৈছিল(২পিতৰ১:২১)। যীচুৱে নিজেই কৈছে যে যিজনে পবিত্ৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিব, তেওঁৰ কেতিয়াও ক্ষমা নাপাব কিন্তু তেওঁক অনন্ত নৰকলৈ পেলোৱা হ’ব(মাৰ্ক ৩:২৯)। কেৱল সেয়াই নহয়, যীচুৱে আজ্ঞা দিয়া সকলো কথা আমাক পালন আৰু শিকাবলৈ নিযুক্তি দিয়া পৰিচাৰকসকলক আমি উপহাস আৰু বিৰোধ কৰিব নালাগে(মথি২৮:২০)। যদি আমি সেইবোৰ গ্ৰহণ নকৰো তেন্তে আমি আমাৰ যীচুক আমাৰ ঈশ্বৰকো নাকচ কৰো(মথি১০:৪০)। গতিকে আহক আমি তেওঁলোকক সন্মান কৰো আৰু তেওঁলোকৰ কথাবোৰ অধ্যৱসায়ীভাৱে শুনোহঁক।
যদিও অধ্যাপক আৰু ফৰীচীসকল ভণ্ড আছিল যিসকলে তেওঁ কোৱা কথাবোৰ পালন কৰা নাছিল তথাপিও যীচুৱে কৈছিল, "তেওঁলোকে তোমালোকক যি আদেশ দিয়ে তাক পালন কৰা, কিয়নো তেওঁলোকে মোচিৰ আসনত বহি আছে"(মথি২৩:১-৩)। যেনেকৈ পিতৃয়ে যীচুক পঠিয়াইছে, ঠিক তেনেকৈয়ে যীচুৱে তেওঁৰ দাসসকলক পঠিয়াইছে, সেয়েহে আমি তেওঁলোকক কেতিয়াও শিলগুটিৰে আঘাত কৰা উচিত নহয়, তাৰ পৰিৱৰ্তে তেওঁলোকক আনন্দৰে গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ মতবাদ আৰু ঈশ্বৰৰ বাক্য অনুসৰি জীয়াই থাকিবলৈ নিজকে উৎসাহিত কৰিব লাগে(যোহন১৭:১৮;২০:২১)। যিসকল যীচুৰ মেৰ, তেওঁলোকে তেওঁৰ মাত শুনি তেওঁক অনুসৰণ কৰে, কাৰণ ঈশ্বৰে তেওঁলোকক তেওঁৰ নিজৰ হাতত লুকুৱাই ৰাখে আৰু তেওঁলোকক ৰক্ষা কৰে, তেওঁলোক কেতিয়াও বিনষ্ট নহ’ব, বৰঞ্চ তেওঁলোকক অনন্ত জীৱন দিয়ে(যোহন১০:২৬-২৯)। যিসকলে ঈশ্বৰৰ বাক্যক ভাল পায় তেওঁলোকে ক্ষোভিত নহ’ব আৰু তেওঁলোকক সংৰক্ষণ কৰা হ’ব(গীতমালা ১১৯:১৬৫)। কেৱল সেয়াই নহয়, তেওঁলোকে অতিশয় শান্তি পাব আৰু তেওঁৰ আগমনৰ সময়ত তেওঁত শান্তিৰে পোৱা যাব(২পিতৰ৩:১৪)। একেদৰে আমাৰ বিশ্বাসী ঈশ্বৰে, ইয়াৰ দ্বাৰা আমাক বা মণ্ডলীক পবিত্ৰ আৰু নিৰ্দোষ হিচাপে উপস্থাপন কৰিব(ইফিচিয়া৫:২৭)। কিয়নো তেওঁ তেওঁলোকক নিজৰ মহিমাৰে লাভ কৰিবলৈ আৰু মহিমাৰে নিজৰ ওচৰত উপস্থাপন কৰিবলৈ আহ্বান কৰিছে(২থিচলনিকীয়া২:১৪। কাৰণ ঈশ্বৰে অনেক পুত্ৰক মহিমালৈ আনে(ইব্ৰী২:১০)। ৰোমীয়া৮:৩০ পদত কৈছে যে, তেওঁ যাক মাতিলে, তেওঁক ধাৰ্মিক কৰিলে, আৰু যাক তেওঁ ধাৰ্মিক কৰিলে, তেওঁক মহিমাম্বিতো কৰিলে। গতিকে যেতিয়া আমাৰ জীৱন স্ৱৰুপ খ্ৰীষ্ট প্ৰকাশ পাব, আমি মণ্ডলী হিচাপে তেওঁৰ লগত মহিমাত প্ৰকাশ পাম(কলচীয়া ৩:৪)। যি ঈশ্বৰে আপোনাক মাতিছে, তেওঁ বিশ্বাসী। তেওঁ আমাৰ মাজত তেওঁৰ আহ্বানৰ আশা পূৰণ কৰিব। আমাৰ বিশ্বাসী ঈশ্বৰে আমাক নেতৃত্ব দিয়ক, আশীৰ্বাদ কৰক আৰু আমাৰ জীৱনত তেওঁৰ বিশ্বাসযোগ্যতা পূৰণ কৰক।